লাচিত বৰফুকন বিষয়ে ৰচনা PDF Download | Lachit Borphukan Essay

Today we are going to share with you all (লাচিত বৰফুকন বিষয়ে ৰচনা PDF) Lachit Borphukan essay free download in Assamese which is given below for free.

Nameলাচিত বৰফুকন বিষয়ে ৰচনা
LanguageAssamese
Total Pages104
Size5 MB
SourceOnline

He was born, date, Nov. 24, 1622. He was b. His father was Mo-sai Cheng Kaluk of the Lan-phima dynasty of the Ahom. Lachit was the seventh son (fourth surviving child) of Mo-sai. His brothers were Mabao-lao and Lapet-lao, and his sister was Laiseng.[3] His birth name was La-chit.

Lachit Barphukan was a general and Barphukan of the Ahom kingdom. Those who are known for their leadership ability in the battle of Saraighat in 1671. In this battle, the attempt of the Mughal army led by Ram Singh I to regain control of Assam was thwarted. But after 1 year he died of illness.

লাচিত বৰফুকন

লাচিত বৰফুকন (ইংৰাজী: Lachit Borphukan) আছিল অসমৰ আহোম ৰাজ্যৰ এজন ফুকনলুং। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল।শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে।

লাচিত বৰফুকনৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয়। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। আন কিছু সূত্ৰৰ মতে তেখেতৰ জন্ম, তাৰিখ, ২৪ নৱেম্বৰ, ১৬২২। তেওঁৰ দেউতাক আছিল ম’-ছাই চেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল ম’-ছাইৰ সপ্তম পুত্ৰ (চতুৰ্থজন জীৱিত সন্তান)৷ তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। জন্মসূত্ৰে তেওঁৰ নাম লা-চিত৷

See also  ACCA Course Syllabus Eligibility Exam Paper Fees

ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল’বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱা বাবে কৰ্তব্যপৰায়ণ, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা বিখ্যাত ফৈদ হ’ল বিখ্যাত লান ফিমা বংশ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল।

লাচিতে একেদিনাই ফুকনলুঙৰ পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱাৰ পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছতহে চাওফা চুপুংমুংৰ ফুকনলুং হৈছিল।

দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা চাওফাৰ চকুত পৰে। এদিনাখনৰ কথা- দোলাত বহি থকা চাওফাই লাচিতক মাতি আনি ক’লে- “বঙাল শত্ৰু কাষতে আছে, কেনেকৈ ছৈয়দ ফিৰোজ আৰু ছৈয়দ চালাক ধৰিব পাৰি।” লাচিতে উত্তৰ দিলে- “চাওফাৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি? মানুহহে! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ। চাওফা আদেশ দিবহে লাগে।”

তাৰ পিচতেই লাচিতক ফুকনলুঙৰ ভাৰ দিয়া হৈছিল। ফুকলুং পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰীক্ষাৰ সন্মুখীন হৈছিল। লাচিতক চাওফাৰ ওচৰলৈ মাতি পঠিওৱা হ’ল। চাওফাৰ সমুখত আঁঠু ল’ব ধৰোঁতেই ক’ৰবাৰ পৰা লগুৱা এজন আহি লাচিতৰ মূৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল। চাওফাই এইটো পৰিকল্পিতভাৱে কৰোৱাইছিল। লাচিতৰ স্বাভাৱিকতেই খং উঠিল আৰু খাপৰ পৰা হেংদাঙখন (তৰোৱাল) উলিয়াই লগুৱাক খেদি গ’ল। চাওফাৰ হস্তক্ষেপত লগুৱা বাচিল। লাচিত নিৰ্ভীক আৰু যথেষ্ট সাহসী আছিল ।

শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুঁহুকিবলৈ আৰম্ভ কৰিছিল। সেইসময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গাৰে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশি কৈছিল, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম। নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা।” কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে।

See also  Direct And Indirect Speech Rules Chart PDF

শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ উঠি আছিল আৰু সেই জ্বৰীয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত চাওফা উদয়াদিত্য সিংহ‍ই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত “লাচিত মৈদাম” নিৰ্মাণ কৰে।

The End……..

অসাধাৰণ ৰাজনীতিজ্ঞ মহাপুৰুষ চক্ৰধ্বজ সিংহ স্বৰ্গদেৱে পাতি লোৱা দুজ্জ্বয় শৰাইঘাটৰ মহাৰণৰ চিত্ৰ আঁকি দেখুৱাটোৱেই এই নাটকৰ ঘাই উদ্দেশ্য । কে অৰ্থে, এই কাহিনীৰ নায়ক কৰি ঘাইকৈ দুটি চৰিত্ৰ সজাব পাৰি ;- (1)’ চক্ৰধ্বজ সিংহ আৰু (২) লাচিত বৰফুকন । পিচে, চক্ৰধ্বজ সিংহ স্বৰ্গদেৱে বা পাতিলে যদিও, আচল “শৰাইঘাটৰ ৰণ” তেওঁ দেখিবলৈ নাপালে, তেওঁৰ পরবর্তী স্বৰ্গদেৱ উদয়াদিত্যৰ কালত হে শৰাইঘাট ৰণক্ষেত্ৰত অসমীয়াৰ বিচক্ষন ৰণকুশলতা প্রকাশ পায় ; আৰু লাচিত বৰফুকন হে আৰম্ভণৰেপৰা সামৰণিলৈকে শৰাইঘাটৰ মহাৰণত নায়কৰূপে লিপ্ত আছিল। গতিকে, এই গ্ৰন্থৰ নাম “লাচিত বৰফুকন” ৰখা হল।

গদ্যত “গাওঁবুঢ়া” আৰু “টেটোন তামুলি” নামেৰে দুখন ধেমেলীয়৷ সৰু নাটক ৰচনা কৰা হৈছিল যদিও, ইয়াৰ আগেয়ে ডাঙৰ নাটক আমি গদ্যত ৰচনা কৰি ‘পোৱা নাই। এই খনো অসমীয়া সাহিত্যক্ষেত্ৰত মোৰ স্নেহাস্পদ ডেকা লগৰীয়া শ্ৰীমান্ সৰ্ব্বেশ্বৰ শৰ্ম্মা বৰুৱা বোপাদেৱৰ অনুৰোধৰ ফল হে বুলিব লাগে ; আৰু তেওঁৰ উৎসাহ আৰু সু-দিহাৰ বল নোপোৱা হলে, অনতিপলমে “লাচিত বৰকন” পোহৰলৈ ওলোৱাৰ সম্ভাৱনা নাছিল । আৰু, এই গ্ৰন্থৰ ভেঁটি চোঙাওঁতে “ঊষা”ত প্ৰকাশিত আমাৰ সুযোগ্য সমনীয়! বন্ধু শ্ৰীযুত হেমচন্দ্ৰ গোসাইদেৱৰ “শৰাই ঘাটৰ যুদ্ধ” আৰু উক্ত ডেকা বন্ধুৰ “লাচিত বৰফুকন” শীৰ্ষক প্ৰৱন্ধ দুটিৰপৰা যথেষ্ট উপকৰণ বুটলি লোৱা হৈছে; সেই বাবে ইয়াতে দুইৰে। শলাগ লোৱা হৈছে। বুৰঞ্জীমূলক নাটক ৰচনা কৰাত যি বঢ়া-টুট। দোষাদোষ ঘটিব পাৰে, তাৰ বাবে এই পাতনিতে গুণগ্ৰাহী ৰাইজৰ ওচৰত ক্ষৰা বিচাৰিলোঁ। ইতি

Download PDF Now

If the download link provided in the post (লাচিত বৰফুকন বিষয়ে ৰচনা PDF Download | Lachit Borphukan Essay) is not functioning or is in violation of the law or has any other issues, please contact us. If this post contains any copyrighted links or material, we will not provide its PDF or any other downloading source.

2 thoughts on “লাচিত বৰফুকন বিষয়ে ৰচনা PDF Download | Lachit Borphukan Essay”

  1. Bir lachit barphukan was a generat who fought angainst the Mughals.he was born in 1622in those name pragiyotishpur. He had a very successful military career and is credited with driving the great Mughals out of assam .his popularity had increassed in the battle of saraishat in 1671. At that time ahom king pratah Singha appointed lachit baphukan as the commander in chiel of ahom acmy.

Leave a Comment

Join Our UPSC Material Group (Free)

X